স্পন্দন


ৰাণী : মোৰ হেঁপাহৰ জন্মভূমি



সেউজ পাহাৰ ৰাশিৰে বিভূষিত,
বিবিধ গছ-লতিকাৰে সুশোভিত,
নৈ-নিজৰাৰ কুলু কুলু ধ্বনিৰে মুখৰিত,
মানৱ হৃদয় অনুভূতিৰে স্পন্দিত -
ৰাণী তুমি হেঁপাহৰ ৰঙেৰে ৰঞ্জিতা ৷
বৰ্ণাঢ্য ষড়-ঋতুৰে অলংকৃত,
মনোমোহা প্ৰাকৃতিক সুষমাৰে মণ্ডিত,
সমন্বয়ৰ এমুঠি সুৰেৰে ঝংকৃত,
ঐতিহ্যৰ সুণীয়া সুবাসেৰে উদ্ভাসিত -
ৰাণী তুমি সুৰভিত ফুলেৰে বন্দিতা ৷












ডিচেম্বৰৰ এটি পুৱা... (এটি পুৰণি কবিতা)





হাঁহো - নাহাঁহো কৰা ৰবিৰ কিৰণ
শুভ্ৰ এখনি চাদৰৰ আঁচল ৷
দেখোঁ বা নেদেখোঁ
প্ৰেয়সীৰ চিকুণ মুখ'নি
শুনোঁ বা নুশুনোঁ হৃদয়ৰ ভাষা ৷

শিমলু শিমলু সেয়া
কুৱঁলীৰ খেলা ,
আছে জানো তাৰ ৰূপৰ তুলনা ? 

3 comments:

  1. এই পৃষ্ঠাটিত মোৰ বছা বছা পুৰণি লেখা প্ৰকাশ কৰা হ'ব ৷

    ReplyDelete
  2. পঢ়িব পাম বুলি আশা কৰিলো

    ReplyDelete