Monday, December 23, 2013

শুনা শুনা সভাসদ (বিশেষ ৰচনা) :


দৃশ্যপট : এক


         মানুহজন সন্মানীয় ৷ পিচে তেওঁৰ নীতিনো কিমান 'চিধা' - তাৰ জোখ লয় কোনে ? তেওঁ যি 'নীতি' সদায় 'অনুসৰণ' কৰে, তাত কিহৰ বা আখৰা চলে ! কপটীয়া মনৰ কথা এনেয়ো ধৰিব নোৱাৰি ৷ সাক্ষাৎ 'জেণ্টেলমেন' (আমি সৰুতে গাইছিলোঁ- 'জেণ্টেলমেন, জেণ্টেলমেন- জেপত থাকে সদায় ফাউণ্টেন পেন') ! গাখীৰত পানী মিহলোৱাবিধৰ কথা নহয় এয়া- বৰং তাতোকৈ তিনিখোপ চৰা (সততে কোৱাৰ দৰে এখোপ বা দুখোপ নহয়) ৷ ক'ত মাৰিলে 'টিপা', ক'ৰ পায়গৈ 'শিপা'- তেওঁৰ জনা আছে ৷ 'ওপৰঞ্চি' উপাৰ্জনত সিদ্ধহস্ত- হাতখন ভাল (আন কথাত হাতৰ খজুৱতি সতকাই মাৰ নাযায়) ৷ ক'লা টকা বগা কৰাত বেছ পাকৈত ৷ ক'ত নাই তেওঁ ? অফিচে-কাছাৰীয়ে তেওঁৰ খদমদম ৷ প্ৰশাসনতো আছে; আনকি শিক্ষাক্ষেত্ৰতো আছে (শুনিবলৈ বেয়া লাগিব পাৰে দেই) ৷ ক্ষমতাৰ গাদীখন লেতেৰা, দুৰ্গন্ধময় কৰি হ'লেও তেওঁ বৰ্তমান ৷ সমাজত প্ৰতিশ্ৰুতিৰ 'ফুলজাৰি' (যেনিবা 'প্ৰতিশ্ৰুতি'বোৰ বজাৰতহে কিনিব পায় !), ভিতৰত পুতলাৰ গাড়ী ৷ জ্ঞানীলোকে জানো এনেয়ে কয়- বোলে বাহিৰে ৰং-চং, ভিতৰে কোৱাভাতুৰী ৷ চাব, তেওঁৰ শেনচকু আপোনাৰ ওপৰতো পৰিব পাৰে !
       (চিন্তা কৰি চালোঁ, এইটো বাৰু ভাল গল্পৰ প্লট হ'ব পাৰেনে ? পুনৰাই চেষ্টা কৰি চোৱাতনো কি আপত্তি !)


দৃশ্যপট : দুই


       অইন এজনৰ কথা (নামটো বাৰু নক'লোৱেই বা ! ক'লেই মুখত ছাই পৰিব ৷ তথাপিও কথাতেই কথা ওলায় দিয়কচোন ৷)- তেওঁ হেনো নাৰীৰ অধিকাৰ সম্পৰ্কে সজাগ নাগৰিক ৷ লগতে শিশু শ্ৰম বিৰোধী কোনোবা 'সংগঠন'ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত ৷ পিচে অপ্ৰিয় হ'লেও সত্য যে, কাৰ্যক্ষেত্ৰতহে মানুহৰ প্ৰকৃত পৰিচয় পোৱা যায় (ক'বলৈ গ'লে শেষেই নহ'ব এথোন) ৷ এইবোৰ কথা নকৈও নোৱাৰি, দেখিও নেদেখাৰ ভাও জুৰি থাকিলে পাপে চুৱাৰ ভয় ৷ মাথোন এবাৰ তেওঁৰ ঘৰখনলৈ দৃষ্টি দিয়কচোন ৷ সেই কণমানিকেইটাৰ কাপোৰবোৰ চাওক, মুখবোৰ চাওক- ঠিকেই বুজিব ৷ পিচে মালিকো কমখন অভিনেতা নহয় (ভালেহে তিষ্ঠি থাকিব পাৰেনে ?); 'পেহীৰ ল'ৰা, মাহীৰ ছোৱালী' বুলি দক্ষতাৰে কাম চলাই দিয়ে ৷ কোনে বাৰু খুচৰি থাকিব ? কণমানিকেইটাৰ বেদনা তো আমি বুজিও নুবুজোঁ ! সেয়া বাৰু থাওক ৷ আন কথালৈ আহোঁ ৷
আপুনি বাৰু তেওঁক সচাঁকৈয়ে চিনি পায়নে ? থতমত খাবলগীয়া প্ৰশ্ন এটাকে সুধি পেলালোঁ ৷ তেওঁৰ চকুৰ দৃষ্টিত যে গাভৰু ছোৱালীবোৰ (এনেকি গাভৰু তিৰোতাবোৰো) 'ফিউজ' যোৱা বাল্বটোৰ দৰে হয়, মন কৰিছেনে ? 'তাই'ৰ কথাকে বাৰু শুনা নাইনে ! বেচেৰীৰ সপোনৰ বিয়াখন হৈ নুঠিল; চকুপানীয়েই এতিয়া তাইৰ লগৰী ৷ তাইৰ শাওপাত তেওঁৰ ওপৰত এতিয়া ফলিয়ায় নে নফলিয়ায় ক'ব তো নোৱাৰি (এই 'কলিযুগত' শাওপাত নফলিওৱাৰ নজিৰেই বেছি দেখোন) ! ৰ'ব দেই, শেহতীয়া খবৰ পোহৰলৈ আহিছে -...(কোৱাৰ আগতে মোৰ গল্পৰ প্লটটো পুনৰ জুকিয়াই লোৱা ভাল হ'ব যেন পাইছোঁ ৷)


দৃশ্যপট : তিনি


       অমুক গাঁৱৰ অমুকাৰ দুখৰ কথাকে শুনক ৷ আপোন সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁৰ মৰণপণ প্ৰয়াস (হ'বই দিয়কচোন; মাটিৰ মানুহ) ৷ পিচে তেওঁৰ উদঙীয়া গৰুৰ দৰে পুতেকটোৰ কথাহে কি ক'ম ! বাৰে বাৰে এৰাল ছিঙি যায় ৷ তাৰ ধৰণ-কৰণ মানে 'ষ্টাইল' হেনো কিবা বোলেনে 'মডাৰ্ণ' ৷ বাপেকেহে কয় ইটো, পুতেকেহে কৰে সিটো ৷ মানে, পৰিস্থিতিটো তো ধৰিব পাৰিছেই ৷ ইফালে জীয়েকজনীৰ কথাকেনো বাৰু নকওঁ কেলৈ ! বোলে 'বাহিৰত বৰ-চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ'- তেনে লেখীয়া কথাই হৈছে ৷ ক'ব নাপায় যদিও কোৱাই গ'ল ৷ কাণে কাণেই কওঁ বাৰু- পুতেকক লৈ অমুকা-অমুকীৰ মনত বৰ দুখ ৷ ইফালে ঘৰত নাই কণটো, পেটত গাঁঠি দিব লাগে ৷ তাতেহে আকৌ পুতেকৰ বৰমতালি...৷ মূৰটো বাৰু গৰম হোৱা যেন লগা নাইনে ?
       (মোৰ গল্পৰ বাবে ইয়াতকৈ বাৰু ভাল প্লট পামনে ? মগজুৱে একোকে ঢুকি পোৱা নাই ৷ চেষ্টা অব্যাহত থাকিব... কিন্তু আজি নহয় ৷)

No comments:

Post a Comment