Sunday, December 22, 2013

এজাৰত হৃদয়ৰ সংবাদ - ১ (পত্ৰোপন্যাসিকা)


                                                                       ডিব্ৰুগড় ,

মৰমৰ অংকু ,                                                 ১ আগষ্ট , ১৯৮১


দূৰণিৰপৰা কাগজৰ বুকুত পঠিওৱা মৰমবোৰ গ্ৰহণ কৰিবা ৷ মাজনীক মোৰ মৰম যাচিবা ৷ বাইজীলৈও মৰম পঠিয়ালোঁ ৷ সকলোকে মোৰ মৰমৰ ভাগ দিবা ৷ আশা কৰোঁ তোমালোক ভালে - কুশলে আছা ৷ মোৰ ভাল ৷

বহুদিন ধৰি তোমালোকৰপৰা চিঠি নাপাই মই বৰ চিন্তিত হৈ পৰিছিলোঁ ৷ ব্যস্ততাৰ বাবে ময়ো চিঠি লিখিব পৰা নাই ৷ এনেতে সিদিনা হঠাতে তোমাৰ চিঠি লৈ ডাকোৱাল উপস্থিত হ'ল ৷ মই যেন হাততে সৰগ ঢুকি পালোঁ ৷ আৰু এয়া তাৰেই উত্তৰ দিবলৈ সাংঘাতিক ব্যস্ততাৰ মাজতো মই কলম তুলি লৈছোঁ ৷

চিঠিখনত বৰ ডাঙৰ সমস্যা এটাৰ কথা উল্লেখ কৰিছা তুমি ৷ এই ক্ষেত্ৰত মই তোমাক এতিয়াই একো ক'ব নোৱাৰিম ৷ বাইজীৰ সৈতে ভালদৰে আলোচনা কৰিব লাগিব ৷ অ' , মই তোমাক সদ্যহতে এই পৰামৰ্শই দিব পাৰোঁ যে জীৱনৰ জটিল ক্ষণত বাইজীৰ কথামতেই চলিবা ৷ কোনো ক্ষেত্ৰতে বাইজীৰ অবাধ্য নহ'বা ৷ নহ'লে মই ভীষণ দুখ পাম ৷

তুমি বেছিকৈ চিন্তা কৰি নাথাকিবা ৷ পঢ়া - শুনা ভালদৰে চলাই যাবা ৷ এইবাৰ ৰিজাল্ট ভাল কৰিব লাগিব ৷ এটা ভাল খবৰ দি থওঁ শুনা ৷ মই দুই - এদিনতে পামগৈ ৷ বাইজীক খবৰ দিবা ৷

বিশেষ নাই ৷ ব্যস্ততাৰ বাবে দীঘলীয়া চিঠি লিখিব নোৱাৰিম ৷ তাৰ বাবে ক্ষমা বিচাৰিছোঁ ৷ মাথো কওঁ - তুমি এতিয়া ডাঙৰ হৈ আহিছা ; বহু কথা বুজি পোৱা হৈছা ৷ তথাপিও কওঁ বাইজীৰ কথা মতেই চলিবা ৷

চিঠিৰ উত্তৰলৈ ৰৈ আছোঁ ৷ পুনৰ মৰম আৰু এবুকু হিয়াভৰা আশীৰ্বাদেৰে -

                                                                 ইতি ,
                                                        তোমাৰ মৰমৰ দেউতা

1 comment:

  1. পত্ৰোপন্যাসিকাখনি হৃদয় পৰশা হৈছে ৷ আগলৈকো পঢ়িবলৈ পোৱাৰ আশা থাকিল ৷

    ReplyDelete