Monday, December 30, 2013

মুক্তিৰ অপেক্ষাত খনচেৰেক অসমীয়া কথাছৱি :


বিগত বছৰবোৰৰ দৰে আগন্তুক ২০১৪ বৰ্ষতো মুক্তিলাভ কৰিব কেইখনমান অসমীয়া কথাছৱিয়ে ৷ এয়া অসমীয়া চিত্ৰপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ দুৰ্দিনৰ সময়তো চিত্ৰ নিৰ্মাণৰ কষ্টকৰ প্ৰয়াস সচাঁকৈয়ে প্ৰশংসনীয় ৷ যি সময়ত ভাৰতৰ হিন্দী, বঙালী, তামিল, তেলুগু, মাৰাঠীকে ধৰি বিভিন্ন ভাষাৰ বোলছৱিৰ তুলনাত অসমীয়া বোলছৱি সংখ্যাগত আৰু গুণগত উভয় দিশতে পিছ পৰি থকা বুলি সততে অভিযোগ উত্থাপন কৰা হয়, যি সময়ত অসমীয়া বোলছৱি প্ৰদৰ্শনৰ ক্ষেত্ৰত অসমৰ চিত্ৰগৃহসমূহেই কৃপণালি কৰা দেখা যায়- তেনে এক সংকটপূৰ্ণ সময়ত যিসকল প্ৰযোজক, পৰিচালকে লোকচানৰ ভয় থকা স্বত্বেও অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে কঁকালত টঙালি বান্ধি আগবাঢ়ি আহি জাতিটোৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছে, তেখেতসকল সচাঁকৈয়ে ধন্য ৷ অসমীয়া ছৱি প্ৰযুক্তিগত দিশত এতিয়াও খুবেই পিছপৰা- এই কথা ষোল অনাই সচাঁ ৷ কিন্তু অসমীয়া চিনেমাৰ যি স্বকীয় বৈশিষ্ট্য, সেয়া আন বহু ভাষাৰ চিনেমাত পাবলৈ নাই ৷ উদাহৰণস্বৰূপে ক'ব পাৰি যে দক্ষিণ ভাৰতৰ ছৱিবোৰে সততে বলীউদকে অনুকৰণ কৰা দেখা যায়, আনহাতে বলীউদে অনুসৰণ কৰে হলীউদক : কিন্তু অসমীয়া চিনেমাত পোৱা যায় অসমৰ মাটিৰ গোন্ধ (যি গোন্ধ 'জয়মতী'ৰ সময়ৰেপৰা অসমবাসীৰ নিচেই পৰিচিত) ৷ অৱশ্যে সম্প্ৰতি অসমীয়া ছৱিতো দেখা গৈছে বলীউদমুখী প্ৰৱণতা, যিটো স্বাভাৱিক ; কিন্তু এনে বহু ছৱি ব্যৰ্থ হিচাপে পৰিগণিত হৈ ৰ'ল ৷ গতিকে আমি বিচাৰোঁ, আধুনিকতাৰ আৱেশেৰে অসমীয়া ছৱিৰ উত্তৰণ সন্তোষজনক গতিৰে ঘটক; ইয়াৰ বাবে অনুকৰণৰ প্ৰাসঙ্গিকতা সদায়ে থাকিব যদিও স্বকীয় গৰিমা যাতে ম্লান হৈ নাযায়, তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব নিশ্চয় ৷ আৰ্থিক সুনিশ্চয়তা অসমীয়া ছৱিৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে এক প্ৰাথমিক স্বৰ্ত্ত ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰো কৰণীয় বহুত ৷
নানান ঘাত-প্ৰতিঘাতৰ মাজতো যি দুই-এখন অসমীয়া চলচ্চিত্ৰই মুক্তিলাভ কৰে, সেইসমূহ চলচ্চিত্ৰক অসমীয়া ৰাইজে আদৰি লোৱা উচিত ৷ তেতিয়াহে অসমীয়া চলচ্চিত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰি ৷ নহ'লে বলীউদ আৰু হলীউদৰ ধামখুমীয়াত পৰি আমাৰ আপোন জলীউদ হেৰাই যাব ৷ সেই হেতুকেই আমি ইয়াত ২০১৪ত মুক্তিলাভ কৰিবলগীয়া কেইখনমান অসমীয়া কথাছৱিৰ বিষয়ে চমুকৈ উল্লেখ কৰিবলৈ বিচাৰিছোঁ ৷
অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে ২০১৪ বৰ্ষটো উল্লেখযোগ্য বছৰ হৈ ৰ'ব বুলি আশা কৰিব পাৰি ৷ বছৰটোত মুক্তিলাভ কৰিবলগীয়া আটাইতকৈ বেছি গুৰুত্ব লাভ কৰা ছৱি চাৰিখন হৈছে "অজেয়", "জিলমিল জোনাক", "ৰ'দৰ চিঠি" আৰু "ৰাগ (Raag- the Rhythm of Love)" ৷ জলীউদে নৱবৰ্ষত যাত্ৰা আৰম্ভ কৰিব স্বনামধন্য পৰিচালক জাহ্নু বৰুৱাৰদ্বাৰা পৰিচালিত ছৱি "অজেয়"-ৰে ৷ যোৱা ২৭ ডিচেম্বৰতে মুক্তিলাভ কৰিবলগীয়া ছৱিখনৰ মুক্তিলাভৰ দিন অহা ৩ জানুৱাৰীলৈ পাছুৱাই দিয়া হয় ৷ ৰূপম চেতিয়া, প্ৰতিভা চৌধুৰী, জুপিতৰা ভূঞা, কপিল বৰা, বিষ্ণু খাৰঘৰীয়া, মুনমি কলিতা, সৌৰভ হাজৰিকা, ৰিম্পী দাস আদি অভিনেতা-অভিনেত্ৰীৰ অভিনয়েৰে সমৃদ্ধ হ'বলগীয়া "অজেয়"-ৰ জৰিয়তেই অসমীয়া কলামোদীয়ে নৱবৰ্ষৰ আমোদ ল'ব পাৰিব বুলি ভবা হৈছে ৷ জানুৱাৰীৰ ১৭ তাৰিখে মুক্তিলাভ কৰিবলগীয়া জলীউদৰ আন এখন ছৱি হৈছে "চিঞৰ" ৷ নতুন 'কনচেপ্ট'-এৰে নিৰ্মাণ কৰা এই ছৱিখন পৰিচালনা কৰিছে কংকন ৰাজখোৱাই ৷
জানুৱাৰী মাহতেই মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে বাহাৰুল ইছলামৰদ্বাৰা পৰিচালিত বহু প্ৰতীক্ষিত ছৱি "ৰ'দৰ চিঠি"-য়ে ৷ কেইবাবছৰৰ আগৰ "আছেনে কোনোবা হিয়াত" ছৱিখনৰ পাছত, এক ব্যতিক্ৰমী বিষয়ৰ কাব্যিক ৰোমাণ্টিক ছৱি "ৰ'দৰ চিঠি" হৈছে বাহাৰুল ইছলামৰদ্বাৰা পৰিচালিত দ্বিতীয়খন বোলছৱি ৷ প্ৰকৃতিক মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা এই বোলছৱিত মাতৃ-পুত্ৰ, স্বামী-স্ত্ৰীৰ জীৱন আৰু সম্পৰ্ক সুন্দৰ ৰূপত প্ৰতিফলিত হ'ব বুলি আশা কৰা হৈছে ৷ এই ছৱিখনৰ মুখ্য আকৰ্ষণ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমৰ গৌৰৱ আদিল হুছেইন, অসমীয়া ছৱিজগতত এই ছৱিখনেৰেই অভিনয়ৰ অভিষেক ঘটাবলৈ সাজু হোৱা জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ 'পাপন' মহন্ত আৰু আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা এই ছৱিখনৰ সঙ্গীত পৰিচালক জুবিন গাৰ্গৰ অভিনয় ৷ ছৱিখন কিমানখিনিলৈকে সফল হয়, সেয়া মাথো সময়েহে ক'ব ৷ "ৰ'দৰ চিঠি"-ৰ মূল অভিনেতা-অভিনেত্ৰীসকল হৈছে আদিল হুছেইন, ভাগীৰথী, জুবিন, পাপন, নাৰায়ণ নাথ, পল্লৱী ফুকন, সমীৰ, কিশামট বানো, বৰ্ষা বাহাৰ, কল্লোল নাথ, প্ৰবীণ শইকীয়া, জিয়া বাহাৰ, তাস্মিন, মমী বৰা আৰু ৰাজু ৰয় ৷
কেইবাগৰাকী তাৰকাক একেলগে দেখা যাব শিৱানন বৰুৱা পৰিচালিত ছৱি "জিলমিল জোনাক"-ত ৷ "হিয়াৰ দাপোনত তোমাৰেই ছৱি"-ৰ পাছত এইখন শিৱানন বৰুৱাৰদ্বাৰা পৰিচালিত দ্বিতীয়খন ছৱি ৷ ছৱিখনৰ মুখ্য আকৰ্ষণ হ'ব যতীন বৰা, নিশিতা গোস্বামী, আকাশদীপ, জুপিতৰা ভূঞা, ৰাগ ঐনিতম আৰু শ্যামন্তিকা শৰ্মাৰ অভিনয় ৷ আকাশদীপ এক নেতিবাচক ভূমিকাত অৱতীৰ্ণ হৈছে ৷ এই চলচ্চিত্ৰখনে অসমীয়া দৰ্শকক চিত্ৰগৃহলৈ ওভোটাই আনিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে, যিয়ে ৰুগীয়া উদ্যোগটোক কিছু পৰিমাণে হ'লেও সঁকাহ দিব পাৰিব ৷ 'ডেইজী চিনে প্ৰডাকচন'-ৰ বেনাৰৰ আনুমাণিক ৬০ লাখ টকা বাজেটৰ এই কথাছৱিখনৰ প্ৰযোজক হৈছে ডo ডেইজী গগৈ ৷ "জিলমিল জোনাক"-ৰ সঙ্গীত পৰিচালনা কৰিছে মানস ৰবিনে ৷ ছৱিখনৰ আন কিছু বৈশিষ্ট্য হৈছে- গোটেই ছৱিখনৰ বিদেশত (বিশেষকৈ ইংলেণ্ড আৰু থাইলেণ্ডত) কৰা শ্বুটিং, 'ৰেড এপিক' কেমেৰাৰ ব্যৱহাৰ আৰু দক্ষিণ ভাৰতৰ জনপ্ৰিয় 'ফাইট কম্পোজাৰ' ('সিংহম', 'দাবাং' আদি ছৱিত সফলতাৰে কাম কৰা) বি. শ্ৰীকান্তৰ 'একচন ডিৰেকচন্' ৷
আগন্তুক বৰ্ষৰ আন এখন বহু প্ৰতীক্ষিত বোলছৱি হৈছে "ৰাগ (Raag: the Rhythm of Love)" ৷ ASFFDC (Assam State Film (Finance & Development) Corporation Ltd.) আৰু 'মন্না ফিল্মছ্'-ৰদ্বাৰা সহ-প্ৰযোজিত, ৰজনী বসুমতাৰীৰদ্বাৰা ৰচিত আৰু পৰিচালিত এই ছৱিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে আদিল হুছেইন, জেৰিফা ৱাহিদ আৰু কপিল বৰাই ৷ হিন্দুস্তানী কণ্ঠশিল্পী, চিত্ৰশিল্পী আদি কৰি কেইটামান চৰিত্ৰৰ জীৱন, বন্ধুত্ব, মানৱীয় আৱেগ-অনুভূতিৰ সুন্দৰ প্ৰকাশ ঘটাৰ সম্ভাৱনা আছে ছৱিখনৰ মাজেৰে ৷ চিত্ৰগ্ৰহণ কৰা হৈছে দিল্লীৰ বিভিন্ন ঠাইত ৷ অৱিনাশ বাঘেলৰ সঙ্গীত পৰিচালনাত পৰম্পৰাগত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত আৰু আধুনিকতাৰ সংমিশ্ৰণ ঘটা গীতসমূহত কণ্ঠ নিগৰাইছে অনিন্দিতা পাল, দীক্ষু, প্ৰজ্ঞান বৰুৱা, দেৱাশিষ পৰাশৰ আৰু মূৰ্চ্চনা বৰকাকতিয়ে ৷ 'চেঞ্চৰ বোৰ্ড'-ৰদ্বাৰা 'ইউ' ছাৰ্টিফিকেট (সকলো শ্ৰেণীৰ লোকে চাব পৰা) লাভ কৰা এই ছৱিখনৰ মুক্তিলাভৰ তাৰিখ অহা ৭ ফেব্ৰুৱাৰী ৷
'এম.এল. এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত লুইত কুমাৰ বৰ্মনৰদ্বাৰা প্ৰযোজিত আৰু ৰাকেশ শৰ্মাৰদ্বাৰা ৰচিত আৰু পৰিচালিত "অনুৰাধা" বোলছৱিখনে অহা ১৮ এপ্ৰিলত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ মেঘৰঞ্জনী আৰু দিগন্ত হাজৰিকাই মূল চৰিত্ৰ দুটিত অভিনয় কৰা এই ছৱিখনৰ অন্য উল্লেখযোগ্য কুশীলৱসকল হৈছে জয় কাশ্যপ, প্ৰণামী বৰা, উপকূল বৰদলৈ আদি ৷ কাহিনীচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে চেৰাপুঞ্জী, মায়ং, গুৱাহাটী আদি ঠাইত ৷ ছৱিখনৰ সঙ্গীত পৰিচালনা গীত প্ৰিয়মৰ আৰু চিনেমাটোগ্ৰাফী সূৰুয ডেকাৰ ৷ 'নাটকীয়' শ্ৰেণীৰ এই ছৱিখন মূলতঃ নাৰী-কেন্দ্ৰিক কাহিনীৰ ওপৰত আধাৰিত আৰু নাম ভূমিকাৰ 'অনুৰাধা'-ৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৷
নিজৰ অভিনয় দক্ষতাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইন অভিনীত মুঠ চাৰিখন অসমীয়া চলচ্চিত্ৰই ২০১৪ বৰ্ষত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে ৷ সেইকেইখন হৈছে "ৰাগ", "শৃংখল", "ৰ'দৰ চিঠি" আৰু "লীনাজ্ বিউটী পাৰ্লাৰ" (অতিথি শিল্পীৰূপে) ৷ ডo ভৱেন্দ্ৰনাথ শইকীয়াৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত হোৱা "শৃংখল" ছৱিখন পৰিচালনা কৰিছে প্ৰবীণ হাজৰিকাই ৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰদ্বাৰা সংকলিত 'বুঢ়ী আইৰ সাধু'-ৰ অন্তৰ্গত চাৰিটা সাধুকথা- 'তেজীমলা', 'চম্পাৱতী', 'ঔ কুঁৱৰী' আৰু 'তাৱৈয়েকৰ সাধু'-ৰ আধাৰত বিশেষভাৱে নিৰ্মিত হ'বলৈ লোৱা "কথানদী (The River of Fables)" শীৰ্ষক ছৱিখেন ২০১৪ বৰ্ষৰ শেষৰফালে অথবা ২০১৫ চনত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে ৷ ভাস্কৰ হাজৰিকাৰদ্বাৰা পৰিচালিত আৰু সীমা বিশ্বাস, জেৰিফা ৱাহিদ, কপিল বৰা, আশা বৰদলৈ, জলী লস্কৰ আদিৰদ্বাৰা অভিনীত এই ছৱিখনত নিৰ্বাচিত সাধুকথাকেইটা মানৱীয় আৱেগ-অনুভূতিৰে জীৱন্ত হৈ উঠিব বুলি আশা কৰিব পাৰি ৷
বিগত বৰ্ষবোৰৰ অভিজ্ঞতাৰে আগন্তুক বৰ্ষত জলীউদ আৰু কিছুদূৰ আগবাঢ়ি যাওক, আমি তাৰেই কামনা কৰিলোঁ ৷ প্ৰযুক্তিগত আৰু গুণগত দিশত আৰু অধিক উন্নতি সাধন হোৱাটো আশা কৰিব পাৰি ৷ এনে আশা বুকুত সাৱটিয়েই আমি গতি কৰিব লাগিব জলীউদৰ সৈতে ৷ এই ক্ষেত্ৰত আধুনিকতাৰ ভাৱধাৰা আকোঁৱালি ল'বই লাগিব ৷ অসমত প্ৰতিভাৰ অভাৱ নাই : প্ৰয়োজন মাথো তেনে প্ৰতিভাৰ বিকাশৰ বাবে উচিত মঞ্চ, যি মঞ্চৰ অভাৱত অসমৰ বহুতো প্ৰতিভা কালৰ গৰ্ভত হেৰাই গৈছে ৷ চলচ্চিত্ৰ উদ্যোগ প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ এক উপযুক্ত মাধ্যম ৷ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰোত্তৰ প্ৰগতিৰ বাবে চৰকাৰ, কলা-কুশলী, ৰাইজ- সকলোৰে কৰণীয় আছে নিশ্চয় ৷ আটাইৰে ঐকান্তিক প্ৰচেষ্টাতহে অসমীয়া বোলছৱি জগতৰ 'সোণালী সুদিন' উভটি অহাটো আশা কৰিব পাৰি ৷
ৰাগ

শৃংখল

অনুৰাধা

ৰ'দৰ চিঠি

জিলমিল জোনাক
অজেয়

No comments:

Post a Comment